ঘিলামৰা কেন্দ্ৰীয় ৰঙালী
বিহুৰ কথা-
লক্ষীমপুৰ জিলাৰ সদৰ ঠাই উত্তৰ-লক্ষীমপুৰ চহৰৰ পৰা প্ৰায় ৬২ কিলোমিটাৰ পূৱত অৱস্থিত ঘিলামৰা নামৰ এই সৰু ঠাইখন যোগাযোগৰ ফালৰ পৰা পিচপৰা হ’লেও শৈক্ষিক, বৌদ্ধিক আৰু সাংস্কৃতিক দিশত আগবঢ়া। সাম্প্ৰতিক কালত পূৱে কঢ়া আৰু পশ্চিমে চামপৰা নদীৰ মধ্যৱৰ্ত্তী অঞ্চলটোকে ঘিলামৰা বুলি চিহ্নিত কৰা হৈছে যদিও অতীতত ঘিলামৰা বুলি ক’লে এটা বিস্তৃত এলেকাক বুজোৱা হৈছিল।






