লক্ষীমপুৰ জিলাৰ সদৰ ঠাই উত্তৰ-লক্ষীমপুৰ চহৰৰ পৰা প্ৰায় ৬২ কিলোমিটাৰ পূৱত অৱস্থিত ঘিলামৰা নামৰ এই সৰু ঠাইখন যোগাযোগৰ ফালৰ পৰা পিচপৰা হ’লেও শৈক্ষিক, বৌদ্ধিক আৰু সাংস্কৃতিক দিশত আগবঢ়া। সাম্প্ৰতিক কালত পূৱে কঢ়া আৰু পশ্চিমে চামপৰা নদীৰ মধ্যৱৰ্ত্তী অঞ্চলটোকে ঘিলামৰা বুলি চিহ্নিত কৰা হৈছে যদিও অতীতত ঘিলামৰা বুলি ক’লে এটা বিস্তৃত এলেকাক বুজোৱা হৈছিল। আজিও ‘ঘিলামৰা উন্নয়ন খণ্ড’ আৰু ‘ঘিলামৰা আৰক্ষী থানা’ই সোণাৰী চাপৰি, বৰ্ষামুখ, কেকুৰি আদি ঠাইকো সামৰি লয়।
ঘিলামৰা নামটোৰ উৎপত্তিৰ সম্পৰ্কে কোনো লিখিত তথ্য পোৱা নাযায়। এই অঞ্চলত প্ৰচলিত জনশ্ৰুতি অনুসৰি স্বৰ্গদেউ চুখামফা(১৫৫২-১৬০৩)ৰ দিনত উত্তৰ পাৰৰ শাসনকৰ্ত্তা নাহৰ ফুকনে এই অঞ্চলৰ ঘিলা নামৰ এজন বিদ্ৰোহী ভূঞাক মৰাৰ কাৰণে ঠাইখনিৰ নাম ঘিলামৰা হয়। আন এক জনশ্ৰুতি মতে এইজন নাহৰ ফুকনেই অঞ্চলটোৰ ৰাইজক গোটাই ইয়াতে সমূহীয়াকৈ ঘিলা খেলিছিল। তেওঁ যিখন পথাৰত ঘিলা খেলিছিল সেই পথাৰখনৰ লগতে সমগ্ৰ অঞ্চলটো পৰৱৰ্ত্তী কালত ঘিলামৰা নামেৰে পৰিচিত হৈছিল। ‘তুংখুঙীয়া বুৰঞ্জী’ত ১৮০৫ চনৰ আৰু ‘বেলিমাৰ বুৰঞ্জী’ত ১৮১৯ চনৰ ঘটনাৰ বৰ্ণনা দিবলৈ যাওঁতে ঘিলামৰা নামটো উল্লেখ কৰিছে।
চতুৰ্দশ শতিকাত এই অঞ্চলটো চুতীয়া ৰজাৰ অধীনত আছিল। ইয়াৰ আগতে এই অঞ্চলটো কোনে শাসন কৰিছিল বা ইয়াৰ জনগাঁঠনি কেনে আছিল সেই কথা জনা নাযায়। বৰ্মন বংশ (৩৮০-৬৫০) আৰু পাল বংশৰ (৯৮৫-১১২৫) নৃপতিসকলৰ অধীনত এই অঞ্চলটো আছিল বুলি কোৱা হয় যদিও তাৰ কোনো ঐতিহাসিক প্ৰমাণ নাই। আহোম বংশৰ প্ৰতিষ্ঠাতা চুকাফাই ৰাজধানী স্থাপনৰ বাবে উপযুক্ত ঠাই বিচাৰি হাবুঙত(ডাঃ জে পি ৱেড চাহাবে An Account of Assam পুথিত কোৱা মতে সোৱণশিৰি নৈৰ পূৱে আৰু লুইতৰ উত্তৰে অৱস্থিত ভূ-খণ্ডই হ’ল হাবুং। ই দীঘলে প্ৰায় ৩০ মাইল আৰু পথালিয়ে ১৫ মাইল) উপস্থিত হৈছিলহি আৰু ইয়াতে ৰাজধানী পাতি তিনিবছৰ কাল (১২৪২-১২৪৪) আছিল। ঘিলামৰা আৰু ইয়াৰ দাতি কাষৰীয়া অঞ্চলত চুতীয়া ৰজাৰ দিনৰ তিনিখন তামৰ ফলি আৱিষ্কাৰ হৈছে। ইয়াৰে প্ৰথমখন ফলি সধয়াপুৰীৰ নৃপতি সত্যনাৰায়ণ ৰজাৰ। খোদিত কৰাৰ সময় ১৩১৪ শক। দ্বিতীয়খন সত্যনাৰায়ণৰ পুত্ৰ লক্ষ্মীনাৰায়ণৰ। ৰচনা কাল ১৩২৩ শক। তৃতীয়খন ধৰ্মনাৰায়ণৰ আৰু ৰচনাৰ সময় ১৩১৪ শক। তিনিওখন ফলিৰ যোগেদি নৃপতিকেইগৰাকীয়ে বাসুদেৱ পূজাতৰত ব্ৰাহ্মণসকলক ভূমি দান দিছে। ফলিকেইখনত উল্লেখ থকা ঠাই বা নদীসমূহ (গোটাপৰা, ব্যাঘ্ৰমাৰি, লুদুমীমাৰী, বখনা-গ্ৰাম, স্বৰ্ণদী, চম্পাৱতী ইত্যাদি) ঘিলামৰাৰ দাঁতি কাষৰতে অৱস্থিত। গতিকে কব পাৰি যে এই অঞ্চলটো ফলি প্ৰদান কৰা চুতীয়া নৃপতিসকলৰ অধীনত আছিল আৰু ইয়াত বাসুদেৱ পূজা চলিছিল। ১৫০৫ চনত চুহুংমুং দিহিঙ্গীয়া ৰজাই হাবুং ৰাজ্য অধিকাৰ কৰাৰ লগে লগে ঘিলামৰাও আহোম ৰাজ্যৰ ভিতৰুৱা হয়। ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীত বৃটিচ আৰু ব্ৰহ্মদেশৰ ৰজাৰ মাজত হোৱা সন্ধিৰ চৰ্ত অনুসৰি অসম বৃটিচৰ হাতলৈ যায়। লগে লগে ঘিলামৰাও বৃটিচৰ অধীন হয়।
ঘিলামৰাৰ মঞ্চবিহুৰ ইতিহাস বৰ বেছি পুৰণি নহয়। অৱশ্যে আনুষ্ঠানিক ভাৱে বিহু সন্মিলন পতাৰ পৰম্পৰা আৰম্ভ হোৱাৰ আগতে ঘিলামৰা দ পথাৰৰ মাজত থকা আহত আৰু জৰী গছৰ তলত যে দাঁতিকাষৰীয়া গাঁৱৰ ডেকা-গাভৰুসকলে বিহু মাৰিছিল সেই কথা অগ্ৰজ সকলৰ পৰা জানিব পাৰি। ঘিলামৰা উচ্চ মাধ্যমিক বিদ্যালয়(১৯৫২), নৰ্থবেংক কলেজ(১৯৬১) আদি শিক্ষানুষ্ঠানসমূহ স্থাপন কৰিবৰ কাৰণে এই অঞ্চলৰ ডেকাসকলে ঢকুৱাখনা, মাছখোৱা আদি ঠাইত হুঁচৰি পৰিবেশন কৰি অৰ্থ সংগ্ৰহ কৰিছিল। এই ক্ষেত্ৰত সতীশ চন্দ্ৰ গগৈ, কুল প্ৰসাদ গোস্বামী, হৰেন্দ্ৰ নাথ গগৈ, দ্বাৰিকা নাথ ফুকন, কৃষ্ণৰাম গগৈ, তীৰ্থ কলিতা, মোলান ভৰালী আদি বিশিষ্ট লোকসকলে আগ ভাগ লৈছিল। গৰু বিহুৰ দিনাৰ গধূলিৰ পৰা প্ৰতিখন গাঁৱৰে ডেকাসকলে হুঁচৰি গাবলৈ আৰম্ভ কৰিছিল আৰু গাঁৱৰ প্ৰতিঘৰ মানুহৰে চোতালত উপস্থিত হৈ আশীৰ্বাদ দিছিল। বৰবিয়াৰ গাঁঠিয়ন খুন্দাৰ দিনা নিজৰ গাঁৱৰ লগতে অন্য গাঁৱৰ ডেকাসকলো আহি বিয়াৰ ৰভাৰ তলত বিহু কৰি ৰং-ধেমালি কৰিছিল। কিন্তু আনুষ্ঠানিক ভাৱে তেতিয়ালৈকে কোনো ঠাইতে বিহু অনুষ্ঠিত কৰা হোৱা নাছিল। ষাঠিৰ দশকৰ আৰম্ভনীৰে পৰা ঘিলামৰাত আনুষ্ঠানিক ভাৱে বিহু পতাৰ চিন্তা-চৰ্চা আৰম্ভ হয়।


ঘিলামৰা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন

১৯৬১-৬২ চনত ঘিলামৰা ৰাইদঙ্গীয়া গাঁৱৰ বৰ্ত্তমান নামঘৰটি থকা ঠাইতে আঞ্চলিক ভিত্তিত এখন বিহু সন্মিলন পতা হৈছিল। উদ্‌যাপন সমিতিৰ সভাপতি আছিল ঘিলামৰা জালভাৰী গাঁৱৰ হৰিচন্দ্ৰ গগৈ। সম্পাদক আছিল ৰাইদঙ্গীয়া গাঁৱৰ তীৰ্থনাথ বৰুৱা। এই সন্মিলনত সাহিত্য, সংগীত আৰু ক্ৰীড়া এই তিনিওটা বিভাগৰে প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছিল। সাহিত্য শাখাত তোষেশ্বৰ চেতিয়া শ্ৰেষ্ঠ প্ৰতিযোগী হিচাবে বিবেচিত হৈছিল। বঁটা বিতৰণী সভাৰ সভাপতি আছিল সতীশ চন্দ্ৰ গগৈ।
১৯৬৫-৬৬ চনত ঘিলামৰাৰ কেইজনমান উদীয়মান যুৱকে এটি যুৱক সংঘ স্থাপন কৰি মঞ্চ বিহু পতাৰ সিদ্ধান্ত কৰে। এই ক্ষেত্ৰত আগভাগ লোৱা ব্যক্তিগৰাকী হ’ল ঘিলামৰা জালভাৰী গাঁৱৰ ব্ৰজেন গগৈ। তেখেতক সহায় সহযোগ কৰা আন কেইগৰাকীমান যুৱক হ’ল চেনিৰাম সূত, তোলেশ্বৰ চুতীয়া, পূৰ্ণ বৰুৱা, নৰনাথ চাংমাই, সত্যনাথ গগৈ, বিপিন ফুকন, কেশৰাম চাংমাই, তীৰ্থ নাথ গগৈ, বীৰেন্দ্ৰ নাথ চাংমাই, পৰমানন্দ গগৈ, যোগেন বৰুৱা আৰু পূৰ্ণ চাংমাই। ঘিলামৰা হাইস্কুলৰ খেলপথাৰত অস্থায়ী ৰংগমঞ্চ নিৰ্মান কৰি বহাগৰ প্ৰথম সপ্তাহতে দুদিনীয়াকৈ বিহু সন্মিলন পতা হৈছিল। প্ৰতিযোগিতাৰ বিষয়সমূহ আছিল – হুঁচৰি, টকা বিহু, দ্বৈত বিহুনৃত্য, বনগীত, বিহু গীত, ঢোল বাদন আৰু বাঁহীবাদন। যুৱকসকলৰ এই প্ৰচেষ্টাক ঘিলামৰাবাসীয়ে আদৰণি জনাইছিল। বয়সস্থসকলেও হুঁচৰি প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিছিল। অৱশ্যে হুঁচৰিত কোনো যুৱতীয়েই অংশ গ্ৰহণ কৰা নাছিল। বৰ বিহুৱতী, সৰু বিহুৱতী আদি প্ৰতিযোগিতা নাছিল। ঘিলামৰা হাইস্কুলৰ খেলপথাৰত চাৰিবাৰমান বিহু সন্মিলন পতাৰ পাছত ঘিলামৰাবাসী ৰাইজে এই বিহু সন্মিলনখনি ঘিলামৰাৰ প্ৰাণ কেন্দ্ৰস্বৰূপ ‘ঘিলামৰা শিশু উদ্যানৰ’ প্ৰাংগনত পতাৰ সিদ্ধান্ত কৰে আৰু বিহু উদযাপনৰ দায়িত্ব ঘিলামৰা উন্নয়ন কমিটিক প্ৰদান কৰে। প্ৰথম অৱস্থাত ঘিলামৰা কৃষ্টিভৱনৰ প্ৰাংগনত অস্থায়ী ৰংগমঞ্চ সাজি বিহু অনুষ্ঠিত কৰা হৈছিল। মাজতে কেইবছৰমান বিহু সন্মিলনখন বৰ্ত্তমান চক্ৰ বিষয়াৰ কাৰ্যালয় থকা স্থানত পতা হৈছিল। অৱশেষত ১৯৯৯ চনত বিহু প্ৰেমী ঘিলামৰাবাসী ৰাইজে এখন ৰাজহুৱা সভা পাতি বিহু সন্মিলনখনি ‘ঘিলামৰা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন’ নামেৰে নামকৰণ কৰে আৰু ঘিলামৰা কৃষ্টিভৱনৰ প্ৰাংগনতে প্ৰতিবছৰে পতাৰ সিদ্ধান্ত কৰে। এই সভাতে তোষেশ্বৰ চেতিয়াদেৱক সভাপতি আৰু পৰমানন্দ গগৈদেৱক সম্পাদক হিচাপে লৈ বিহু উদযাপনৰ এখন স্থায়ী কমিটিও পাতি দিয়ে।
২০০৪ চনত ঘিলামৰা কৃষ্টিভৱনৰ প্ৰাংগনতে স্থায়ী ৰংগমঞ্চ এটি নিৰ্মানৰ কাম হাতত লোৱা হয়। এই মঞ্চটি নিৰ্মাণ কৰাৰ ক্ষেত্ৰত বিশেষভাৱে আগভাগ লোৱা ব্যক্তিসকল হ’ল দ্বীপেন গগৈ, পূৰ্ণানন্দ দত্ত, গুণ হাজৰিকা, দ্বীপেন হাজৰিকা, পৰমানন্দ গগৈ ইত্যাদি। সেই সময়ৰ লখিমপুৰ জিলা পৰিষদৰ সদস্য ৰত্নেশ্বৰ টাইদদেৱে এটি শকত পূঁজি আগবঢ়াই মঞ্চটি সম্পূৰ্ণ কৰাত অৰিহনা যোগায়। ২০০৮ চনত ঘিলামৰা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ লগত সংগতি ৰাখি ‘বহনা’ নামেৰে এখনি স্মৃতি-গ্ৰন্থ প্ৰকাশ কৰিবলৈ সিদ্ধান্ত কৰা হয়। ‘বহনা’ৰ প্ৰথম বছৰৰ প্ৰথম সংখ্যাটিৰ সম্পাদনা সমিতিৰ সভাপতি আছিল মহেশ দত্ত আৰু সম্পাদক আছিল ড০ কেশৱ হাজৰিকা। ইয়াৰ পাছৰে পৰা এই স্মৃতি-গ্ৰন্থখনি নিয়মীয়াকৈ প্ৰকাশ হৈ আহিছে।
২০০৯ চনৰ ৭, ৮, ৯ আৰু ১০ মে’ তাৰিখে অতি জাক-জমকতাৰে ঘিলামৰা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ সোণালী জয়ন্তী মহোৎসৱটি অনুষ্ঠিত কৰা হয়। এই মহোৎসৱৰ উদযাপন সমিতিৰ সভাপতি আছিল তোষেশ্বৰ চেতিয়া আৰু সম্পাদক আছিল গোলাপ গোঁহাই। ড০ নিত্যানন্দ গগৈ, ড০ অনিল শইকীয়া, শিৱ প্ৰসাদ গগৈ, খগেশ্বৰ পেগু, ইছমাইল হুছেইন, ড০ প্ৰবীন শইকীয়া, উমেশ চেতিয়া, ধৰ্মকান্ত মিলি, পূৰ্ণ কুমাৰ চিন্তে আদি বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰি অনুষ্ঠানটিক মহীয়ান কৰিছিল।
জন্ম লগ্নৰে পৰা ঘিলামৰা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনখনি ঘিলামৰাবাসী ৰাইজৰ অকুণ্ঠ সহযোগত অতি শৃংখলাবদ্ধতাৰে অনুষ্ঠিত হৈ আহিছে। বিভিন্ন সময়ত সন্মিলনৰ সাংস্কৃতিক শাখাৰ কৰ্মকৰ্তাসকলে আয়োজন কৰি অহা কৰ্মশালা, আলোচনা চক্ৰ, প্ৰশিক্ষণ আদিয়ে নতুন প্ৰজন্মক বিহু সম্পৰ্কে চিন্তা-চৰ্চা কৰিবলৈ অৱকাশ দিছে।

।। জয়তু ঘিলামৰা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন।।

অতিকৈ চেনেহৰ মুগাৰে মহুৰা
অতিকৈ চেনেহৰ মাকো,
তাতোকৈ চেনেহৰ বহাগৰ বিহুটি
নাপাতি কেনেকৈ থাঁকো।।